10-11-2020 To 14-11-2020

05:00

.

Assam ITE WebQuest: শক্তিৰ উৎসসমূহ

Introduction

আমি সকলোৱে জানো যে কোনো এটা কাম কৰাৰ সামৰ্থ্যকে শক্তি বোলে। শক্তিৰ সৃষ্টি কৰিবও নোৱাৰি আৰু বিনাশো কৰিব নোৱাৰি, কেৱল এক প্ৰকাৰৰ শক্তিৰ আন এটা প্ৰকাৰলৈ ৰূপান্তৰহে কৰিব পাৰি। আমাৰ জীৱন ধাৰণৰ মান উন্নত হোৱাৰ লগত সংগতি ৰাখি শক্তিৰ চাহিদা দিনক দিনে বাঢ়ি গৈছে। সেয়েহে আমি আমাৰ শক্তিৰ চাহিদা পুৰণাৰ্থে শক্তিৰ প্ৰয়োগ পদ্ধতিৰ দক্ষতা বঢ়াবলৈ আৰু শক্তিৰ নতুন উৎসৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লগা হৈছে। যিহেতু জীৱাশ্মজাত ইন্ধন জাতীয় পৰম্পৰাগত শক্তিৰ উৎসসমূহ অতি শীঘ্ৰে নিঃশেষ হোৱাৰ সম্ভাৱনা আছে, সেয়েহে আমি শক্তিৰ নতুন বা বিকল্প উৎসৰ সন্ধান কৰিব লাগে। উদাহৰণস্বৰূপে- বায়ুশক্তি, সৌৰশক্তি, জলশক্তি, নিউক্লীয় শক্তি  ইত্যাদি।

এই Web Quest ত ছাত্ৰ-ছাত্ৰীয়ে প্ৰকৃতি আৰু ইয়াৰ বিভিন্ন উৎসৰ বিষয়ে ব্যাপক অধ্যয়ন কৰিব আৰু অধ্যয়নৰ পৰা পোৱা নিজৰ ফলখিনিক আকৰ্ষণীয় কৰিব পৰাকৈ কাৰুকাৰ্য (artefacts) বনাৱলৈ চেষ্টা কৰিব। তেওঁলোকে প্ৰসংগিক এপ্লিকেচনৰ সহায়ত প্ৰকল্প প্ৰস্তুত কৰিব, কুইজ প্ৰস্তুত কৰিব। 

এই Web-Quest ৰ শেষত তোমালোকে তলৰ কথাখিনি জানিবলৈ সক্ষম হবা:

-শক্তিৰ ভাল উৎস হিচাপে কোনবোৰ বিবেচনাৰ যোগ্য

-ভাল ইন্ধনৰ বৈশিষ্ট্যসমূহৰ বিষয়ে

-পৰম্পৰাগত শক্তিৰ উৎসসমূহ, ইয়াৰ ব্যৱহাৰৰ সুবিধা-অসুবিধাৰ বিষয়ে

-শক্তিৰ অপৰম্পৰাগত (বিকল্প) উৎসসমূহ, ইয়াৰ ব্যৱহাৰৰ সুবিধা-অসুবিধাৰ বিষয়ে

-শক্তিৰ বিভিন্ন উৎসসমূহ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে

নিৰ্বাচিত বিষয়ৰ ওপৰত কাৰুকাৰ্য (artifacts) প্ৰস্তুত কৰিব

Web-Quest ৰ ক্ৰিয়াকলাপ ( Web-Quest Activities)

১ম দিন: পাতনি

প্ৰথম স্তৰ:  

সকলোৰে বাবে মুকলি কৰা ZOOM লিংক ব্যৱহাৰ কৰি তোমালোকে ITE Web-Quest ত যোগদান কৰিব পাৰিবা। ITE Web-Quest ৰ ক্ৰিয়াকলাপৰ সৈতে তোমালোকক পৰিচয় কৰি দিয়া হ’ব। আঁত ধৰোঁতাজনে কাৰ্য আৰু নিৰ্দেশনাসমূহ বুজাই দিব।

দ্বিতীয় স্তৰ:

তোমালোকে শক্তিৰ উৎসসমূহ আৰু ইয়াৰ বিভিন্ন প্ৰকাৰৰ বাবে ইণ্টাৰনেটত বিচাৰিবা আৰু  অধ্যয়ন কৰিব বিচৰা বিষয়বস্তুটো বাচনি কৰি লবা।

তৃতীয় স্তৰ:

বাচনি কৰাৰ পাছত, আঁত-ধৰোঁতা/শিক্ষকে বিতৰণ কৰা গুগ’ল ফৰ্মত বিষয়বস্তুবিধৰ নামটি জমা কৰিব।

 

 

গৃহকাৰ্য: অধ্যয়ন আৰু প্ৰস্তুতকৰণ (Home Work : Research and create)

চতুৰ্থ স্তৰ:

তুমি তোমাৰ নিৰ্বাচিত শক্তিৰ উৎসসমূহ তলত দিয়া পৰিসৰসমূহৰ

তথ্য বিচাৰি উলিয়াবা:

-তোমাৰ নিৰ্বাচিত শক্তিৰ উৎসবিধ পৰম্পৰাগত নে অপৰম্পৰাগত

-শক্তিৰ উৎসবিধ ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ

-উৎসবিধৰ প্ৰকৃতিত স্থায়িত্ব কিমান

-পৰিৱশৰ ওপৰত উৎসবিধৰ প্ৰভাৱ কেনেকুৱা

-অপব্যৱহাৰ ৰোধৰ উপায়

-ইযাৰ বিকল্প উৎস

– পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ উৎসৰ পাৰ্থক্য

 

গৃহকাৰ্য: অধ্যয়ন আৰু প্ৰস্তুতকৰণ (Home Work : Research and create)

পঞ্চম স্তৰ:

অধ্যয়নৰ পিছত তোমালোকে তলৰ কাৰ্যখিনি সম্পূৰ্ণ কৰিবা:-

  • তোমালোকৰ নিজৰ পচন্দৰ যিকোনো Application ব্যৱহাৰ কৰি প্ৰকল্প প্ৰস্তুত কৰিবলৈ অধ্যয়নৰ ফলাফল খিনি ব্যৱহাৰ কৰা। তলত কেইটামান Applications তালিকাভূক্ত কৰা হ’ল:
  • Photo Story
  • Google slides / PowerPoint presentation
  • Poster my wall
  • Kine master
  • Zoho Show
  • InShot
  • Kingsoft office
  • Any application of your choice
  • অনুগ্ৰহ কৰি তোমালোকৰ প্ৰকল্প তলত দিয়া লিংকত গৈ পোৱা google form ৰ যোগেদি আমালৈ পঠোৱা।:

অনুগ্ৰহ কৰি তোমালোকৰ প্ৰকল্প তলত দিয়া লিংকত গৈ পোৱা google form ৰ যোগেদি আমালৈ পঠোৱা।

Click here to Upload

 

২য় দিন: প্ৰকল্প প্ৰদৰ্শন (Artefacts Presentations)

ষষ্ঠ স্তৰ:

তোমালোকে প্ৰকল্প জমা কৰাৰ পিছত তোমালোকে দৰ্শকৰ সন্মুখত অনলাইনৰ মাধ্যমত প্ৰদৰ্শন কৰিব লাগিব আৰু তোমালোকৰ প্ৰকল্পৰ বিষয়ে দৰ্শকে অধিক জানিবলৈ এটি চমু প্ৰশ্নোত্তৰ শিতান থাকিব। তোমালোকে প্ৰথম দিনা যোগদান কৰোঁতে যিটো zoom link ব্যৱহাৰ কৰিছিলা সেই একেই link ব্যৱহাৰ কৰিব লাগিব।

সপ্তম স্তৰ:

পৰৱৰ্তী দিনা বিশেষজ্ঞৰ সৈতে এক আলোচনা অনুষ্ঠিত হ’ব আৰু তাৰ পিছত এখন কুইজ শিতান অনুষ্ঠিত হ’ব। সেয়েহে যদি অধ্যয়নৰ সময়ত পোৱা তোমালোকৰ মনত কোনো সন্দেহ বা প্ৰশ্ন আছে তেতিয়াহ’লে তলত দিয়া google form link ত তোমালোকৰ সন্দেহ বা প্ৰশ্নসমূহ পঠাৱ পাৰা আৰু যদি সেই এক সময়তে তোমালোকে কুইজৰ বাবে প্ৰশ্ন পঠাৱ বিচাৰা তেতিয়াহ’লে তলত দিয়া google form link ব্যৱহাৰ কৰি পঠাৱ পাৰা।

[Gogole Form Link দিয়া হ]

 

৩য় দিনবিশেষজ্ঞৰ সৈতে আলোচনা আৰু পোণপটীয়া কুইজত অংশগ্ৰহণ

অষ্টম স্তৰ:

  • বিশেষজ্ঞৰ সৈতে আলোচনাত অংশগ্ৰহণ
  • “Quizizz” ব্যৱহাৰ কৰি পোণপটীয়া কুইজত অংশগ্ৰহণ
  •  অভিমত