04-11-2020 To 06-11-2020

05:00

.

Assam ITE WebQuest: প্লাষ্টিক প্ৰদূষণ

Introduction

প্লাষ্টিক সামগ্রীৰ প্রদূষণ বর্তমান সমগ্র বিশ্বৰ বাবে ভয়ংকৰ ভাবুকি হৈ দেখা দিছে৷ প্লাষ্টিকৰ আৱিষ্কাৰ আৰু এই সামগ্রীয়ে মানৱ সমাজক বিভিন্ন ধৰণে উপকৃত কৰাত আৰু বিশেষকৈ ই আটাইতকৈ কম দামত উপলব্ধ হোৱাৰ ফলত বিশ্ববাসীৰ মাজত ই অতি জনপ্রিয় হৈ পৰে৷ প্লাষ্টিকৰ সামগ্রীৰ ব্যৱহাৰে বৃক্ষ বা অৰণ্য ধবংস হ্রাস কৰিছে৷ সেয়ে, প্লাষ্টিক সামগ্রীৰ উৎপাদন আৰু ব্যৱহাৰ বন্ধ হ’ব বা বন্ধ কৰিব পৰা নাযাব৷ অৱশ্যে, প্লাষ্টিক সামগ্রীসমূহৰ ৰিচাইকল তথা নিষ্কাশন আদিৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিব লাগিব৷ যিবোৰ আমাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। সেয়েহে এই বিষয়টো অধ্যয়ন কৰিব বাছি লোৱা হৈছে।

এই Web Quest ত ছাত্ৰ-ছাত্ৰীয়ে প্লাষ্টিক আৰু ইয়াৰ বিভিন্ন সমস্যাৰ বিষয়ে ব্যাপক অধ্যয়ন কৰিব আৰু অধ্যয়নৰ পৰা পোৱা নিজৰ ফলখিনিক আকৰ্ষণীয় কৰিব পৰাকৈ কাৰুকাৰ্য (artefacts) বনাৱলৈ চেষ্টা কৰিব। তেওঁলোকে প্ৰসংগিক এপ্লিকেচনৰ সহায়ত প্ৰকল্প প্ৰস্তুত কৰিব, কুইজ প্ৰস্তুত কৰিব। 

এই Web-Quest ৰ শেষত তোমালোকে তলৰ কথাখিনি জানিবলৈ সক্ষম হবা:

 

  • -প্লাষ্টিক প্ৰদূষণ ৰ  প্ৰধান সমস্যা বোৰ নিৰ্নয় কৰা।
  • -প্লাষ্টিক প্ৰদূষণ  ৰ সমস্যা সমাধানৰ বাৱে আমি কি কি কৰিব লাগিব।
  • -প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ উপায় সমূহ  বিশ্লেষণ কৰা।
  • বিশেষজ্ঞৰ সৈতে মতবিনিময় কৰিব আৰু প্ৰশ্ন সুধি মনৰ শংকা দূৰ কৰিব।

Web-Quest ৰ ক্ৰিয়াকলাপ ( Web-Quest Activities)

১ম দিন: পাতনি

প্ৰথম স্তৰ:  

সকলোৰে বাবে মুকলি কৰা ZOOM লিংক ব্যৱহাৰ কৰি তোমালোকে ITE Web-Quest ত যোগদান কৰিব পাৰিবা। ITE Web-Quest ৰ ক্ৰিয়াকলাপৰ সৈতে তোমালোকক পৰিচয় কৰি দিয়া হ’ব। আঁত ধৰোঁতাজনে কাৰ্য আৰু নিৰ্দেশনাসমূহ বুজাই দিব।

দ্বিতীয় স্তৰ:

তোমালোকে প্লাষ্টিক আৰু ইয়াৰ প্ৰধান সমস্যাসমূহৰ বিষয়ে ইণ্টাৰনেটত বিচাৰিবা আৰু অধ্যয়ন কৰিব বিচৰা বিষয়বস্তুটো বাচনি কৰি লবা।

তৃতীয় স্তৰ:

বাচনি কৰাৰ পাছত, আঁত-ধৰোঁতা/শিক্ষকে বিতৰণ কৰা গুগ’ল ফৰ্মত বিষয়বস্তুবিধৰ নামটি জমা কৰিব

গৃহকাৰ্য: অধ্যয়ন আৰু প্ৰস্তুতকৰণ (Home Work : Research and create)

চতুৰ্থ স্তৰ:

তুমি তোমাৰ নিৰ্বাচিত প্লাষ্টিক প্ৰদূষণৰ  তলত দিয়া পৰিসৰসমূহৰ

তথ্য বিচাৰি উলিয়াবা:

  • -প্লাষ্টিকৰ উৎস সমূহ
  • -প্লাষ্টিকৰ বিভিন্ন ভাগ সমূহ
  • -দৈনন্দিন জীৱনৰ প্লাষ্টিকৰ ব্যাৱহাৰ
  • -প্লাষ্টিকৰ পৰা পৰিবেশ পৰিৱেশৰ প্ৰদূষণ কেনেদৰে সম্ভৱ হয়
  • -প্লাষ্টিকৰ পৰা পৰিৱেশৰ প্ৰদূষণ কৰা  প্ৰধান কাৰণসমূহ
  • -প্লাষ্টিক প্ৰদূষণৰ বাবে জন-জীৱনত পৰা প্ৰভাৱসমূহ
  • -ইয়াৰ ৰোধৰ উপায়
  • -প্লাষ্টিক প্ৰদূষণ ৰোধৰ বাৱে বিভিন্ন ধৰনৰ বিকল্প ব্যৱস্থা
  • -ইয়াৰ ৰোধৰ  বাৱে নিজে কৰিবলগীয়া ব্যৱস্থাসমূহ

শিক্ষার্থীদের গবেষনায় সাহায্যকারী কয়েকটি লিঙ্ক

গৃহকাৰ্য: অধ্যয়ন আৰু প্ৰস্তুতকৰণ (Home Work : Research and create)

পঞ্চম স্তৰ:

অধ্যয়নৰ পিছত তোমালোকে তলৰ কাৰ্যখিনি সম্পূৰ্ণ কৰিবা:-

  • তোমালোকৰ নিজৰ পচন্দৰ যিকোনো Application ব্যৱহাৰ কৰি প্ৰকল্প প্ৰস্তুত কৰিবলৈ অধ্যয়নৰ ফলাফল খিনি ব্যৱহাৰ কৰা। তলত কেইটামান Applications তালিকাভূক্ত কৰা হ’ল:
    • Photo Story
    • Google slides / PowerPoint presentation
    • Poster my wall
    • Kine master
    • Zoho Show
    • InShot
    • Kingsoft office
    • Any application of your choice

অনুগ্ৰহ কৰি তোমালোকৰ প্ৰকল্প তলত দিয়া লিংকত গৈ পোৱা google form ৰ যোগেদি আমালৈ পঠোৱা।

Click here to Upload

 

২য় দিন: প্ৰকল্প প্ৰদৰ্শন (Artefacts Presentations)

ষষ্ঠ স্তৰ:

তোমালোকে প্ৰকল্প জমা কৰাৰ পিছত তোমালোকে দৰ্শকৰ সন্মুখত অনলাইনৰ মাধ্যমত প্ৰদৰ্শন কৰিব লাগিব আৰু তোমালোকৰ প্ৰকল্পৰ বিষয়ে দৰ্শকে অধিক জানিবলৈ এটি চমু প্ৰশ্নোত্তৰ শিতান থাকিব। তোমালোকে প্ৰথম দিনা যোগদান কৰোঁতে যিটো zoom link ব্যৱহাৰ কৰিছিলা সেই একেই link ব্যৱহাৰ কৰিব লাগিব।

সপ্তম স্তৰ:

পৰৱৰ্তী দিনা বিশেষজ্ঞৰ সৈতে এক আলোচনা অনুষ্ঠিত হ’ব আৰু তাৰ পিছত এখন কুইজ শিতান অনুষ্ঠিত হ’ব। সেয়েহে যদি অধ্যয়নৰ সময়ত পোৱা তোমালোকৰ মনত কোনো সন্দেহ বা প্ৰশ্ন আছে তেতিয়াহ’লে তলত দিয়া google form link ত তোমালোকৰ সন্দেহ বা প্ৰশ্নসমূহ পঠাৱ পাৰা আৰু যদি সেই এক সময়তে তোমালোকে কুইজৰ বাবে প্ৰশ্ন পঠাৱ বিচাৰা তেতিয়াহ’লে তলত দিয়া google form link ব্যৱহাৰ কৰি পঠাৱ পাৰা।

[Gogole Form Link দিয়া হ]

৩য় দিনবিশেষজ্ঞৰ সৈতে আলোচনা আৰু পোণপটীয়া কুইজত অংশগ্ৰহণ

অষ্টম স্তৰ:

  • বিশেষজ্ঞৰ সৈতে আলোচনাত অংশগ্ৰহণ
  • “Quizizz” ব্যৱহাৰ কৰি পোণপটীয়া কুইজত অংশগ্ৰহণ
  •  অভিমত