12-11-2020 To 15-11-2020

05:00

.

Assam ITE Web-Quest “মানৱ সৃষ্ট সম্পদ”

Introduction

আমি জানো যে প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰুপান্তৰ কৰি মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়, মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱসৃষ্ট সম্পদ বোলা হয়। (Wikipedia)উদাহৰণস্বৰূপে- বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰৱ্য ইত্যাদি।

এই Web Quest ত ছাত্ৰ-ছাত্ৰীয়ে মানৱ সৃষ্ট সম্পদ আৰু ইয়াৰ বিভিন্ন উৎসৰ বিষয়ে ব্যাপক অধ্যয়ন কৰিব আৰু অধ্যয়নৰ পৰা পোৱা নিজৰ ফলখিনিক আকৰ্ষণীয় কৰিব পৰাকৈ কাৰুকাৰ্য (artefacts) বনাৱলৈ চেষ্টা কৰিব। তেওঁলোকে প্ৰসংগিক এপ্লিকেচনৰ সহায়ত প্ৰকল্প প্ৰস্তুত কৰিব, কুইজ প্ৰস্তুত কৰিব। 

 

এই Web-Quest ৰ শেষত তোমালোকে তলৰ কথাখিনি জানিবলৈ সক্ষম হবা:

  • বিভিন্ন প্ৰকাৰৰ মানৱ সৃষ্ট সম্পদ আৰু ইয়াৰ ব্যাৱহাৰৰ বিষয়ে  চিনাক্তকৰন কৰিব লাগিব
  • সম্পদৰ শ্ৰেণীবিভাজনৰ বিষয়ে চিনাক্তকৰণ কৰিব
  • মানৱ সৃষ্ট সম্পদ আৰু প্ৰাকৃতিক সম্পদ ৰ পাৰ্থক্য চিনাক্তকৰণ কৰিব
  • মানৱ সৃষ্ট সম্পদ তৈয়াৰ কৰাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ অনুসন্ধান কৰিব ।
  • মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰৰ ফলত প্ৰাকৃতিক বা জীৱকুলত কি প্ৰভাৱ পৰিব সেই বিষয়ে অনুসন্ধান কৰিব।
  • মানৱ সৃষ্ট সম্পদৰ সথিক ব্যৱহাৰৰ এক পৰীক্ষা প্ৰস্তুত কৰিব।
  • সম্পদৰ শ্ৰণীবিভাজন মাজত থকা সৰ্ম্পকৰ চিনাক্ত কৰিব

Web-Quest ৰ ক্ৰিয়াকলাপ ( Web-Quest Activities)

১ম দিন: পাতনি

প্ৰথম স্তৰ:  
সকলোৰে বাবে মুকলি কৰা ZOOM লিংক ব্যৱহাৰ কৰি তোমালোকে ITE Web-Quest ত যোগদান কৰিব পাৰিবা। ITE Web-Quest ৰ ক্ৰিয়াকলাপৰ সৈতে তোমালোকক পৰিচয় কৰি দিয়া হ’ব। আঁত ধৰোঁতাজনে কাৰ্য আৰু নিৰ্দেশনাসমূহ বুজাই দিব।

দ্বিতীয় স্তৰ:

তোমালোকে প্ৰকৃতিক সম্পদ আৰু ইয়াৰ বিভিন্ন প্ৰকাৰৰ বাবে ইণ্টাৰনেটত বিচাৰিবা আৰু  অধ্যয়ন কৰিব বিচৰা বিষয়বস্তুটো বাচনি কৰি লবা।

তৃতীয় স্তৰ:

বাচনি কৰাৰ পাছত, আঁত-ধৰোঁতা/শিক্ষকে বিতৰণ কৰা গুগ’ল ফৰ্মত বিষয়বস্তুবিধৰ নামটি জমা কৰিব।

গৃহকাৰ্য: অধ্যয়ন আৰু প্ৰস্তুতকৰণ (Home Work : Research and create)

চতুৰ্থ স্তৰ:

তুমি তোমাৰ নিৰ্বাচিত  মানৱ সৃষ্ট সম্পদ তলত দিয়া পৰিসৰসমূহৰ

তথ্য বিচাৰি উলিয়াবা:

  • ইয়াৰ উৎসসমূহ
  • মানৱসৃষ্ট  সম্পদসমূহৰ পদ্ধতিগত ব্যৱহাৰ
  • লুণ্ঠন ৰোধৰ বাবে পদক্ষেপ
  • এপৰত ইয়াৰ প্ৰভাৱ (প্ৰদুষণ)
  • ইযাৰ বিকল্প
  • বৈজ্ঞানিক, অৰ্থনৈতিক আৰু নান্দনিক মূল্য
  • মানৱসৃষ্ট সম্পদৰ বাবে প্ৰয়োজনীয় দক্ষতা
  • মানৱসৃষ্ট সম্পদ ব্যবহাৰৰ সুবিধা/অসুবিধা

শিক্ষার্থীদের গবেষনায় সাহায্যকারী কয়েকটি লিঙ্ক

https://www.youtube.com/watch?v=Q66DKLgw8QI

https://www.open.edu/openlearn/science-maths-technology/chemistry/the-seven-types-plastic

https://kids.britannica.com/kids/article/plastic/400149#:~:text=Most%20plastics%20are%20strong%2C%20long,50%20main%20types%20of%20plastic.

https://www.sciencedirect.com/topics/earth-and-planetary-sciences/synthetic-rubber

https://byjus.com/chemistry/synthetic-rubber/

https://fruitgrowers.com/the-importance-of-fertilizers/#:~:text=The%20term%20%E2%80%9Cchemical%20fertilizer%E2%80%9D%20refers,Other%20fertilizers%20are%20potassium.

https://www.youtube.com/watch?v=zaiBxaTjMTA

https://www.youtube.com/watch?v=34RG07UBuGg

https://www.youtube.com/watch?v=RkHsBvjcYRk

https://www.youtube.com/watch?v=zaiBxaTjMTA&t=155s

গৃহকাৰ্য: অধ্যয়ন আৰু প্ৰস্তুতকৰণ (Home Work : Research and create)

পঞ্চম স্তৰ:

অধ্যয়নৰ পিছত তোমালোকে তলৰ কাৰ্যখিনি সম্পূৰ্ণ কৰিবা:-

  • তোমালোকৰ নিজৰ পচন্দৰ যিকোনো Application ব্যৱহাৰ কৰি প্ৰকল্প প্ৰস্তুত কৰিবলৈ অধ্যয়নৰ ফলাফল খিনি ব্যৱহাৰ কৰা। তলত কেইটামান Applications তালিকাভূক্ত কৰা হ’ল:
    • Photo Story
    • Google slides / PowerPoint presentation
    • Poster my wall
    • Kine master
    • Zoho Show
    • InShot
    • Kingsoft office

অনুগ্ৰহ কৰি তোমালোকৰ প্ৰকল্প তলত দিয়া লিংকত গৈ পোৱা google form ৰ যোগেদি আমালৈ পঠোৱা।

Click here to Upload

২য় দিন: প্ৰকল্প প্ৰদৰ্শন (Artefacts Presentations)

ষষ্ঠ স্তৰ:

তোমালোকে প্ৰকল্প জমা কৰাৰ পিছত তোমালোকে দৰ্শকৰ সন্মুখত অনলাইনৰ মাধ্যমত প্ৰদৰ্শন কৰিব লাগিব আৰু তোমালোকৰ প্ৰকল্পৰ বিষয়ে দৰ্শকে অধিক জানিবলৈ এটি চমু প্ৰশ্নোত্তৰ শিতান থাকিব। তোমালোকে প্ৰথম দিনা যোগদান কৰোঁতে যিটো zoom link ব্যৱহাৰ কৰিছিলা সেই একেই link ব্যৱহাৰ কৰিব লাগিব।

সপ্তম স্তৰ:

পৰৱৰ্তী দিনা বিশেষজ্ঞৰ সৈতে এক আলোচনা অনুষ্ঠিত হ’ব আৰু তাৰ পিছত এখন কুইজ শিতান অনুষ্ঠিত হ’ব। সেয়েহে যদি অধ্যয়নৰ সময়ত পোৱা তোমালোকৰ মনত কোনো সন্দেহ বা প্ৰশ্ন আছে তেতিয়াহ’লে তলত দিয়া google form link ত তোমালোকৰ সন্দেহ বা প্ৰশ্নসমূহ পঠাৱ পাৰা আৰু যদি সেই এক সময়তে তোমালোকে কুইজৰ বাবে প্ৰশ্ন পঠাৱ বিচাৰা তেতিয়াহ’লে তলত দিয়া google form link ব্যৱহাৰ কৰি পঠাৱ পাৰা।

[Gogole Form Link দিয়া হ]

৩য় দিনবিশেষজ্ঞৰ সৈতে আলোচনা আৰু পোণপটীয়া কুইজত অংশগ্ৰহণ

অষ্টম স্তৰ:

  • বিশেষজ্ঞৰ সৈতে আলোচনাত অংশগ্ৰহণ
  • “Quizizz” ব্যৱহাৰ কৰি পোণপটীয়া কুইজত অংশগ্ৰহণ
  •  অভিমত