04-08-2020 To 07-08-2020

05:00

.

Assam ITE WebQuest: Natural Resources

Introduction

আমি সকলোৱে জানো যে প্ৰাকৃতিক সম্পদবোৰ মানৱ জাতিৰ কোনো পদক্ষেপ বা কাৰ্য অবিহনে প্ৰকৃতিৰ বুকুত বিদ্যমান। ই সকলোবোৰ মূল্যবান বৈশিষ্ট্য যেনে বাণিজ্যিক আৰু ঔদ্যোগিক ব্যৱহাৰ, নান্দনিক মূল্য, বৈজ্ঞানিক মনোযোগ আৰু সাংস্কৃতিক মূল্য অন্তৰ্ভূক্ত কৰে। উদাহৰণ স্বৰূপে- বায়ু, পানী, কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ ইত্যাদিবোৰ কিছুমান উল্লেখযোগ্য প্ৰাকৃতিক সম্পদ। (Wikipedia)

এই Web Quest ত ছাত্ৰ-ছাত্ৰীয়ে প্ৰকৃতি আৰু ইয়াৰ বিভিন্ন উৎসৰ বিষয়ে ব্যাপক অধ্যয়ন কৰিব আৰু অধ্যয়নৰ পৰা পোৱা নিজৰ ফলখিনিক আকৰ্ষণীয় কৰিব পৰাকৈ কাৰুকাৰ্য (artefacts) বনাৱলৈ চেষ্টা কৰিব। তেওঁলোকে প্ৰসংগিক এপ্লিকেচনৰ সহায়ত প্ৰকল্প প্ৰস্তুত কৰিব, কুইজ প্ৰস্তুত কৰিব। 

 

এই Web-Quest ৰ শেষত তোমালোকে তলৰ কথাখিনি জানিবলৈ সক্ষম হবা:

-প্ৰকৃতিক সম্পদ লগতে কৃত্ৰিম সম্পদ বুজিব আৰু পাৰ্থক্য নিৰ্ণয় কৰিব

-আমি প্ৰকৃতিৰ পৰা সম্পদৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে

-এই সম্পদসমূহৰ গুৰুত্ব আৰু ইয়াৰ লুণ্ঠন হ্ৰাস কৰাৰ উপায় বিশ্লেষণ কৰা

-নিৰ্বাচিত সম্পদৰ ওপৰত কাৰুকাৰ্য (artifacts) আৰু কুইজ প্ৰস্তুত কৰিব

-বিসেষজ্ঞৰ সৈতে মতবিনিময় কৰিব আৰু প্ৰশ্ন সুধি মনৰ শংকা দূৰ কৰিব।

বিকল্প সম্পদ আৰু ইয়াৰ বহনক্ষম ব্যৱস্থাপনাৰ বিষয়ে অধিক শিকিব।

Web-Quest ৰ ক্ৰিয়াকলাপ ( Web-Quest Activities)

১ম দিন: পাতনি

প্ৰথম স্তৰ:  
সকলোৰে বাবে মুকলি কৰা ZOOM লিংক ব্যৱহাৰ কৰি তোমালোকে ITE Web-Quest ত যোগদান কৰিব পাৰিবা। ITE Web-Quest ৰ ক্ৰিয়াকলাপৰ সৈতে তোমালোকক পৰিচয় কৰি দিয়া হ’ব। আঁত ধৰোঁতাজনে কাৰ্য আৰু নিৰ্দেশনাসমূহ বুজাই দিব।

দ্বিতীয় স্তৰ:

তোমালোকে মানৱ সৃষ্ট সম্পদ আৰু ইয়াৰ বিভিন্ন tothyor বাবে ইণ্টাৰনেটত বিচাৰিবা আৰু  অধ্যয়ন কৰিব বিচৰা বিষয়বস্তুটো বাচনি কৰি লবা।

তৃতীয় স্তৰ:

বাচনি কৰাৰ পাছত, আঁত-ধৰোঁতা/শিক্ষকে বিতৰণ কৰা গুগ’ল ফৰ্মত বিষয়বস্তুবিধৰ নামটি জমা কৰিব।

গৃহকাৰ্য: অধ্যয়ন আৰু প্ৰস্তুতকৰণ (Home Work : Research and create)

চতুৰ্থ স্তৰ:

তুমি তোমাৰ নিৰ্বাচিত  প্ৰকৃতিক সম্পদবিধৰ তলত দিয়া পৰিসৰসমূহৰ

তথ্য বিচাৰি উলিয়াবা:

  • ইয়াৰ উৎসসমূহ (ভৌগোলিক)
  • প্ৰকৃতিত ইয়াৰ সহজলভ্যতা
  • সম্পদসমূহৰ পদ্ধতিগত ব্যৱহাৰ
  • লুণ্ঠন ৰোধৰ বাবে পদক্ষেপ
  • প্ৰকৃতিৰ এপৰত ইয়াৰ প্ৰভাৱ (প্ৰদুষণ)
  • ইযাৰ বিকল্প সম্পদ
  • বৈজ্ঞানিক, অৰ্থনৈতিক আৰু নান্দনিক মূল্য
    • 1) প্ৰাকৃতিক সম্পদৰ নান্দনিক মূল্য (সৌন্দৰ্যবোধ) সুন্দৰ দিশ, যেনে- ছাত্ৰ-ছাত্ৰীয়ে পানী নিৰ্বাচন কৰিব পাৰে আৰু জলপ্ৰপাত, বান্ধ আদিক কেন্দ্ৰ কৰি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰি ইয়াৰ সৌন্দৰ্যবোধ ব্যাখ্যা কৰিব পাৰে।
    • 2) পৃথিৱী আদিৰ পৰা আহৰণ কৰা খনিজ পদাৰ্থৰ প্ৰতি লক্ষ্য় ৰাখি আৰ্থনৈতিক মূল্যৰ বিষয়ে অধ্যয়ন কৰিব পাৰি।
  • ইয়াৰ সংৰক্ষণৰ নিৰ্দিষ্ট আৰ্হি
    • 1) বৰষুণৰ পানী সংগ্ৰহৰ বাবে আহিলা প্ৰস্তুতকৰণ
    • 2) পানীৰ অপচয়  আদি হ্ৰাস কৰিবলৈ IoT আহিলাৰ ব্যৱস্থা কৰা 
    • 3) সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বিষয়ে ধাৰণামূলক আৰ্হি।

শিক্ষার্থীদের গবেষনায় সাহায্যকারী কয়েকটি লিঙ্ক

গৃহকাৰ্য: অধ্যয়ন আৰু প্ৰস্তুতকৰণ (Home Work : Research and create)

পঞ্চম স্তৰ:

অধ্যয়নৰ পিছত তোমালোকে তলৰ কাৰ্যখিনি সম্পূৰ্ণ কৰিবা:-

  • তোমালোকৰ নিজৰ পচন্দৰ যিকোনো Application ব্যৱহাৰ কৰি প্ৰকল্প প্ৰস্তুত কৰিবলৈ অধ্যয়নৰ ফলাফল খিনি ব্যৱহাৰ কৰা। তলত কেইটামান Applications তালিকাভূক্ত কৰা হ’ল:
    • Photo Story
    • Google slides / PowerPoint presentation
    • Poster my wall
    • Kine master
    • Zoho Show
    • InShot
    • Kingsoft office

অনুগ্ৰহ কৰি তোমালোকৰ প্ৰকল্প তলত দিয়া লিংকত গৈ পোৱা google form ৰ যোগেদি আমালৈ পঠোৱা।

Click here to Upload

২য় দিন: প্ৰকল্প প্ৰদৰ্শন (Artefacts Presentations)

ষষ্ঠ স্তৰ:

তোমালোকে প্ৰকল্প জমা কৰাৰ পিছত তোমালোকে দৰ্শকৰ সন্মুখত অনলাইনৰ মাধ্যমত প্ৰদৰ্শন কৰিব লাগিব আৰু তোমালোকৰ প্ৰকল্পৰ বিষয়ে দৰ্শকে অধিক জানিবলৈ এটি চমু প্ৰশ্নোত্তৰ শিতান থাকিব। তোমালোকে প্ৰথম দিনা যোগদান কৰোঁতে যিটো zoom link ব্যৱহাৰ কৰিছিলা সেই একেই link ব্যৱহাৰ কৰিব লাগিব।

সপ্তম স্তৰ:

পৰৱৰ্তী দিনা বিশেষজ্ঞৰ সৈতে এক আলোচনা অনুষ্ঠিত হ’ব আৰু তাৰ পিছত এখন কুইজ শিতান অনুষ্ঠিত হ’ব। সেয়েহে যদি অধ্যয়নৰ সময়ত পোৱা তোমালোকৰ মনত কোনো সন্দেহ বা প্ৰশ্ন আছে তেতিয়াহ’লে তলত দিয়া google form link ত তোমালোকৰ সন্দেহ বা প্ৰশ্নসমূহ পঠাৱ পাৰা আৰু যদি সেই এক সময়তে তোমালোকে কুইজৰ বাবে প্ৰশ্ন পঠাৱ বিচাৰা তেতিয়াহ’লে তলত দিয়া google form link ব্যৱহাৰ কৰি পঠাৱ পাৰা।

[Gogole Form Link দিয়া হ]

৩য় দিনবিশেষজ্ঞৰ সৈতে আলোচনা আৰু পোণপটীয়া কুইজত অংশগ্ৰহণ

অষ্টম স্তৰ:

  • বিশেষজ্ঞৰ সৈতে আলোচনাত অংশগ্ৰহণ
  • “Quizizz” ব্যৱহাৰ কৰি পোণপটীয়া কুইজত অংশগ্ৰহণ
  •  অভিমত